গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

অখিল গগৈক লৈ মীৰা বৰঠাকুৰৰ বিস্ফোৰক মন্তব্য

RAIJOR BARTA August 30, 2026


 
‘নিৰ্বাচন আহিলেই অখিল গগৈৰ ফূৰ্তি বাঢ়ি যায়, ফূৰ্তিতে কি ক’ব কি নক’ব হৈ যায়’

ৰাইজৰ বাৰ্তা, গুৱাহাটী / ৩০ আগষ্ট

নিৰ্বাচনক কেন্দ্ৰ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈক লৈ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। নিৰ্বাচন আহিলেই অখিল গগৈৰ ফূৰ্তি বাঢ়ি যায় আৰু সেই ফূৰ্তিতে তেওঁ কি ক’ব লাগে, কি ক’ব নালাগে পাহৰি যায় বুলি মন্তব্য কৰে বৰঠাকুৰে।মীৰা বৰঠাকুৰে লগতে দাবী কৰে যে কংগ্ৰেছ দলে অখিল গগৈক সহায় নকৰিলে তেওঁ আজি বিধায়ক হ’ব নোৱাৰিলেহেঁতেন। অখিল গগৈৰ ৰাজনৈতিক যাত্ৰাত কংগ্ৰেছৰ সহায়-সহযোগিতাৰ কথাও উল্লেখ কৰি তেওঁ এই মন্তব্য কৰে।নিৰ্বাচনৰ পূৰ্বে এগৰাকী ৰাজনৈতিক নেতাক লৈ কংগ্ৰেছ নেত্ৰীগৰাকীৰ এনে মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। অখিল গগৈক লৈ মীৰা বৰঠাকুৰৰ এই বক্তব্যই আগন্তুক সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ ৰাজনৈতিক সমীকৰণক লৈও চৰ্চা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter