গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কোলাত সন্তান, হাতত লোকপিয়লৰ দায়িত্ব

RAIJOR BARTA August 29, 2026


 

কোলাত সন্তান, হাতত লোকপিয়লৰ দায়িত্ব— কৰ্তব্যনিষ্ঠাৰ অনন্য নিদৰ্শন ৰুমী ডেকাৰ

আঞ্চলিক বাৰ্তা / ২৯ আগষ্ট : দায়িত্ব পালনৰ ক্ষেত্ৰত অজুহাত নহয়, কৰ্তব্যনিষ্ঠাই যে সৰ্বাধিক গুৰুত্বপূৰ্ণ— সেই কথাই যেন পুনৰ প্ৰমাণ কৰিলে অসমৰ এগৰাকী কৰ্মৰত মাতৃয়ে। কোলাত সন্তান লৈ লোকপিয়লৰ দায়িত্ব পালন কৰা শিক্ষয়িত্ৰী ৰুমী ডেকাৰ এখন বিশেষ ছবিয়ে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰুমী ডেকাক লোকপিয়ল ২০২৭ৰ অধীনত ক্ষেত্ৰভিত্তিক দায়িত্ব অৰ্পণ কৰা হৈছিল। ইফালে, ঘৰত কণ কণ সন্তানক এৰি দায়িত্ব পালনৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাই তেওঁক কৰ্তব্যৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলে।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে, ৰুমী ডেকাই নিজৰ যমজ সন্তানক লগত লৈ ঘৰে ঘৰে গৈ লোকপিয়লৰ কাম কৰি আছে। কোলাত এটি সন্তান আৰু কাষতে আনটি সন্তানক লৈ তেওঁ অতি ধৈৰ্যসহকাৰে লোকপিয়লৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ আৰু নথিপত্ৰ পৰীক্ষাৰ কাম সম্পন্ন কৰি গৈছে।

এগৰাকী মাতৃ হিচাপে সন্তানৰ প্ৰতি দায়িত্ব আৰু এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপে ৰাষ্ট্ৰীয় দায়িত্ব— দুয়োটা দায়িত্ব একেলগে পালন কৰা ৰুমী ডেকাৰ এই দৃশ্যই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। পৰিস্থিতিৰ ওচৰত হাৰ নমানি দায়িত্ব আৰু মাতৃত্বক একেলগে আগুৱাই নিয়াৰ তেওঁৰ এই প্ৰচেষ্টাই কৰ্মৰত মাতৃসকলৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

কেৱল সমস্যাৰ কথা কৈ দায়িত্বৰ পৰা আঁতৰি যোৱাৰ পৰিৱৰ্তে, নিজৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি কৰ্তব্য পালন কৰাৰ এই দৃশ্যই ইতিমধ্যে বহুজনৰ প্ৰশংসা লাভ কৰিছে।

Share this article

Facebook Twitter