জখলাবন্ধাৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড
নিমিষতে জুইত জাহ গ’ল মোবাইলৰ দোকান, ভস্মীভূত প্ৰায় ১০ লাখ টকাৰ সামগ্ৰী
, ৰইজৰ বাৰ্তা /২৯ আগষ্ট: জখলাবন্ধাৰ মাজমজিয়াত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। নিশা প্ৰায় ১১ বজাত এখন মোবাইলৰ দোকানত হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইয়ে দোকানখন আগুৰি ধৰাত দোকানত থকা মোবাইল ফোনসহ বহু মূল্যৱান সামগ্ৰী জ্বলি ভস্মীভূত হয়।
জানিব পৰা মতে, অগ্নিকাণ্ডত প্ৰায় ১০ লাখাধিক টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে। দোকানখনৰ স্বত্বাধিকাৰী সন্দীপ গোস্বামী বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে অভিযান চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
প্ৰাথমিকভাৱে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে স্পষ্ট হ’ব। ঘটনাটোক কেন্দ্ৰ কৰি উখলাবন্ধাত নিশাৰ ভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
