চৰাইদেউত বান সাহায্য বিতৰণত ব্যাপক খেলিমেলিৰ অভিযোগ।
চৰাইদেউত বান সাহায্য বিতৰণত ব্যাপক খেলিমেলিৰ অভিযোগ।
সাহায্য অন্য স্থানলৈ নিয়াৰ অভিযোগ আদিবাসী যুৱ ছাত্ৰ সন্থাৰ।
চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে একাংশ বঞ্চিত বানাক্ৰান্তই।
১৯ জুলাইত চৰাইদেউ শিৱসাগৰ যোৰহাট জিলাত প্ৰলয়ংকাৰী বানত হাজাৰ হাজাৰ জনসাধাৰণে হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হয় । বানপীড়িত লোকসকলক অভাৱনীয় হাৰত সহায়ৰ হাত আগবঢ়াই বিভিন্ন জনে
তেনে সময়তে বান সাহাৰ্য্যৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে চৰাইদেউ জিলাত। এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলাৰ আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে বঞ্চিত বানাক্ৰান্তই ।
উল্লেখযোগ্য যে আদিবাসী উন্নয়ন পৰিষদে জিলা ৩ খনৰ বানাক্ৰান্ত আদিবাসী লোকৰ বাবে ২ হাজাৰ পেকেট সাহায্য আগবঢ়াই। ইয়াৰে ৩৫০ পেকেট চৰাইদেউ জিলাৰ বাবে আহে যদিও আদিবাসী যুৱ ছাত্ৰ পৰিষদে বানপীড়িত লোকৰ তালিকা প্ৰস্তুত কৰাৰ পাছত সেই সকল লোক বানাক্ৰান্ত হোৱা নাই বুলি চৰাইদেউৰ এজন নেতাই এই সাহায্যৰ পেকেট অন্য স্থানলৈ নি বানাক্ৰান্তক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলাৰ আদিবাসী যুৱ ছাত্ৰ সন্থাই।
বঞ্চিত গাঁও সমূহ- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ লাকুৱা সেউজীপাম, লাকুৱা চাৰিমুঠিয়া, চলাপথাৰ বৰগুম বস্তি, চলাপথাৰ নৰা বস্তি, লাকুৱা ভাজনীপথাৰ।
সোণাৰি সমষ্টিৰ সেউজী পাম, টিয়ক বঙালী গাওঁ, ভজো শিঙৰাজান বাগিছা গাওঁ।


.png)