গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

মৈৰাবাৰীত বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈ

RAIJOR BARTA August 30, 2026


 

মৈৰাবাৰীত বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈ

বিজেপি মণ্ডল কাৰ্যালয়ত বুথ কৰ্মীসকলৰ সৈতে শুনিলে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’

ৰাইজৰ বাৰ্তা, মৈৰাবাৰী / ৩০ আগষ্ট

মৈৰাবাৰীত বিজেপিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। মৈৰাবাৰী বিজেপি মণ্ডল কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত বিধায়কগৰাকীয়ে দলীয় বুথ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ শুনে।
কাৰ্যসূচীত বিজেপিৰ স্থানীয় নেতা-কৰ্মীসকলৰ লগতে বুথ পৰ্যায়ৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ৰ জৰিয়তে দেশৰ বিভিন্ন বিষয়, উন্নয়নমূলক পদক্ষেপ আৰু জনসাধাৰণৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত আলোচনা শুনিবলৈ পায় উপস্থিত দলীয় কৰ্মীসকলে।
বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে দলীয় কৰ্মীসকলৰ সৈতে একেলগে অনুষ্ঠানটো উপভোগ কৰাৰ লগতে সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত বুথ কৰ্মীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভতো মত বিনিময় কৰে।
মৈৰাবাৰী বিজেপি মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীয়ে দলীয় কৰ্মীসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।





Share this article

Facebook Twitter