দেৰগাঁৱৰ M Bazaarত চুৰিৰ অভিযোগত মহিলাক আটক
ৰাইজৰ বাৰ্তা, দেৰগাঁও: দেৰগাঁও চাৰিআলিৰ M Bazaarত বৃহস্পতিবাৰে নিশা চুৰিৰ অভিযোগক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাই প্ৰায় ৮ হাজাৰ টকাৰ বিভিন্ন সামগ্ৰী কাপোৰৰ তলত লুকুৱাই নিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, মহিলা গৰাকীয়ে মলখনৰ পৰা বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত কৌশলেৰে পোছাকৰ তলত লুকুৱাই ৰাখিছিল। সন্দেহ হোৱাত M Bazaarৰ কৰ্মচাৰীয়ে মহিলা গৰাকীক পৰীক্ষা কৰাত চুৰিৰ অভিযোগটো পোহৰলৈ আহে। ইয়াৰ পিছতে ঘটনাস্থলীত কিছু সময়ৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
পিছত মহিলা গৰাকীয়ে লৈ যোৱা সামগ্ৰীসমূহৰ মুঠ মূল্য প্ৰায় ৮ হাজাৰ টকা আদায় দিয়াৰ পিছত মল কৰ্তৃপক্ষই তেওঁক যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে। ঘটনাটোক লৈ অঞ্চলটোত ব্যাপক চৰ্চা চলিছে।
