দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল দুয়োখন বাহন
ৰাইজৰ বাৰ্তা / তামাৰহাট, ৩১ আগষ্ট:
তামাৰহাটৰ মোৱামাৰি অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এখন ডাম্পাৰৰ চালক বাহনখনৰ ভিতৰত আবদ্ধ হৈ পৰে। স্থানীয় লোকসকলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আনহাতে, দুৰ্ঘটনাত আনজন ডাম্পাৰ চালকো গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজৰ ভিৰ হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়।দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পথটোৰ এই ভয়ংকৰ দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
