গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

হুছেইন এণ্টাৰপ্ৰাইজৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন ।

RAIJOR BARTA August 27, 2026

শিৱসাগৰ জিলাৰ বানপীড়িত জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ প্ৰতি লক্ষ্য ৰাখি EASTMAN AUTO & POWER LIMITED (Solar)-ৰ উদ্যোগত আৰু নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান হুছেইন এণ্টাৰপ্ৰাইজৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।


 শুক্ৰবাৰে ধিতাইপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই শিবিৰত বানপীড়িত লোকসকলক বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হ’ব। 






এই মানৱীয় কাৰ্যসূচী সফল কৰিবলৈ হুছেইন এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ইকবাল হুছেইনে চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্চ আৰু প্ৰয়োজনীয় সামগ্ৰীসহ শিৱসাগৰলৈ ৰাওনা হৈছে। 




এই পদক্ষেপে সমাজসেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।



 

Share this article

Facebook Twitter