গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

মৰিগাঁৱৰ ধৰমতুলত অচেতন অৱস্থাত উদ্ধাৰ ঝাৰগাঁৱৰ মহিলা

RAIJOR BARTA August 30, 2026


 


বজাৰ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হৈছিল ফুলমালা বিশ্বাস; পৰিয়ালৰ অভিযোগ—অপহৰণৰ সন্দেহ

আঞ্চলিক বাৰ্তা, মৰিগাঁও / ৩০ আগষ্ট

 মৰিগাঁও জিলাৰ ধৰমতুলত অচেতন অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা মহিলাগৰাকী ঝাৰগাঁৱৰ ফুলমালা বিশ্বাস বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, নিজৰ ঘৰৰ বজাৰ কৰিবলৈ ফুলমালা বিশ্বাসে ঝাৰগাঁৱৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু বহু সময় ধৰি ঘৰলৈ উভতি নাহাত পৰিয়ালৰ লোকসকলে চিন্তিত হৈ মহিলাগৰাকীক বিচাৰি আৰম্ভ কৰে। বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ কৰিও প্ৰথমে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাছিল পৰিয়ালৰ লোকে।অৱশেষত ধৰমতুল অঞ্চলত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় নিৰুদ্দেশ হৈ থকা ফুলমালা বিশ্বাসক। পিছত উদ্ধাৰ হোৱা মহিলাগৰাকীক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়া হয় বুলি জানিব পৰা গৈছে।ইফালে, পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, এয়া সাধাৰণ নিৰুদ্দেশৰ ঘটনা নহয়, বৰং কোনো দুষ্টচক্ৰই মহিলাগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালে। লগতে মহিলাগৰাকীৰ পৰা কোনো দুৰ্বৃত্তই সোণৰ অলংকাৰ কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

Share this article

Facebook Twitter