অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে মুকালমুৱাত বিদ্যুৎ বিভাগৰ অভিযান
এক্সন মুডত বিদ্যুৎ বিভাগ, গাড়ীয়ে গাড়ীয়ে জব্দ ফ্ৰীজ-ফেন, ৱাটাৰ পাম্প, ই-ৰিক্সাৰ বেটেৰী-চাৰ্জাৰ
ৰাইজৰ বাৰ্তা, মুকালমুৱা: অবৈধ বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিদ্যুৎ বিভাগে। মুকালমুৱাত বিদ্যুৎ বিভাগে চলোৱা অভিযানত গাড়ীয়ে গাড়ীয়ে জব্দ কৰা হয় ফ্ৰীজ, ফেন, ৱাটাৰ পাম্প, ই-ৰিক্সাৰ বেটেৰী, চাৰ্জাৰকে ধৰি বৃহৎ পৰিমাণৰ বৈদ্যুতিক সামগ্ৰী।
অবৈধভাৱে বিদ্যুৎ সংযোগ লৈ বিদ্যুৎ ব্যৱহাৰ কৰাৰ অভিযোগৰ ভিত্তিত অঞ্চলটোত অভিযান চলায় বিভাগীয় দলে। অভিযানকালত অবৈধ সংযোগৰ সৈতে জড়িত বিভিন্ন বৈদ্যুতিক সামগ্ৰী জব্দ কৰাৰ লগতে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
বিদ্যুৎ চুৰি আৰু অবৈধ সংযোগৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান অব্যাহত থাকিব বুলি বিদ্যুৎ বিভাগে জানিবলৈ দিছে। বিভাগৰ এনে কঠোৰ অভিযানক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
