কৰ্ণাটকত প্ৰত্যাহাৰ হিজাব নিষিদ্ধকৰণৰ
বিতৰ্কিত নিৰ্দেশ
ৰাষ্ট্ৰীয় বাৰ্তা/ ২৮ অহা: কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে স্কুল-কলেজত হিজাব পৰিধানক লৈ পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত জাৰি কৰা বিতৰ্কিত নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পাছত শিক্ষানুষ্ঠানত হিজাব পৰিধানক লৈ চলি অহা বিতৰ্কই নতুন মোৰ লোৱাৰ সম্ভাৱনা দেখা দিছে।
ৰাজ্যখনৰ শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত ইউনিফৰ্মৰ সৈতে হিজাব অথবা অন্যান্য ধৰ্মীয় প্ৰতীক পৰিধান কৰিব পাৰিব। অৰ্থাৎ, শিক্ষানুষ্ঠানত পোছাক সম্পৰ্কীয় পূৰ্বৰ নিষেধাজ্ঞা শিথিল কৰা হৈছে।
উল্লেখ্য যে, পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত শিক্ষানুষ্ঠানত হিজাব পৰিধানক লৈ জাৰি কৰা নিৰ্দেশনাক কেন্দ্ৰ কৰি কৰ্ণাটকত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। বিষয়টো আদালতলৈও গৈছিল আৰু ইয়াক লৈ ৰাজ্যজুৰি ৰাজনৈতিক তথা সামাজিক প্ৰতিক্ৰিয়া অব্যাহত আছিল।
কংগ্ৰেছ চৰকাৰৰ শেহতীয়া সিদ্ধান্তক লৈ এতিয়া বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। চৰকাৰৰ মতে, শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য।
