আৰক্ষীক দেখি পলায়ন চালক-হেণ্ডিমেন, গৰু সৰবৰাহক লৈ পুনৰ চাঞ্চল্য
আঞ্চলিক বাৰ্তা, হাউলী / ৩০ আগষ্ট
ৰাজ্যত গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে হাউলীত আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি এখন কণ্টেইনাৰ। হাউলী আৰক্ষীয়ে হাউলীৰ কালঝাৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এই কণ্টেইনাৰখন জব্দ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, AS 01 TC 3843 নম্বৰৰ কণ্টেইনাৰখনত গৰু কঢ়িয়াই লৈ যোৱা হৈছিল। কণ্টেইনাৰখন কোকৰাঝাৰ দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলায়।
আৰক্ষীৰ অভিযানৰ উমান পাই কণ্টেইনাৰখনৰ চালক আৰু হেণ্ডিমেনে বাহনখন এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কণ্টেইনাৰখন জব্দ কৰি গৰুসমূহ উদ্ধাৰ কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। গৰুসমূহ ক’ৰ পৰা ক’লৈ কঢ়িয়াই নিয়া হৈছিল আৰু এই সৰবৰাহৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
