২৫ আগষ্টৰ পৰা সন্ধান নাই শৰ্মিষ্ঠা ভৌমিক ৰয়ৰ
ৰাষ্ট্ৰীয় বাৰ্তা | ২৮ আগষ্ট, ২০২৬
নেপালত সৃষ্টি হোৱা ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে সন্ধানহীন হৈছে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী মুকুল ৰয়ৰ বোৱাৰী শৰ্মিষ্ঠা ভৌমিক ৰয়। ২৫ আগষ্টৰ পৰা তেওঁৰ কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে।উত্তৰ ২৪ পৰগণা জিলাৰ বাসিন্দা শৰ্মিষ্ঠা ভৌমিক ৰয় নেপাললৈ যোৱাৰ পাছতে বান পৰিস্থিতিৰ মাজত বিপদত পৰা বুলি আশংকা কৰা হৈছে। নিশাৰ পৰা তেওঁৰ স্বামীৰ সৈতেও কোনো ধৰণৰ যোগাযোগ স্থাপন হোৱা নাই।শৰ্মিষ্ঠাৰ স্বামী তৃণমূল কংগ্ৰেছৰ (TMC) প্ৰাক্তন বিধায়ক শুভ্ৰাংশু ৰয়। পৰিয়ালৰ লোকসকলে শৰ্মিষ্ঠাৰ সন্ধানত উদ্বিগ্ন হৈ পৰিছে।ইফালে, নেপালৰ বান পৰিস্থিতিৰ মাজত সন্ধানহীন হোৱা শৰ্মিষ্ঠাৰ সন্ধান উলিয়াবলৈ উদ্ধাৰকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগৰ চেষ্টা চলাই থকা হৈছে। ঘটনাটোৱে পৰিয়ালটোৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।