বিগত ৮ বছৰে দিখৌ নদীৰ সংৰক্ষণ আৰু অবৈধ খননৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ধাৰাবাহিকভাৱে যুঁজ দি আহিছিল।
চৰকাৰৰ গাফিলতি আৰু দলীয় পুঁজি বৃদ্ধিৰ স্বাৰ্থত একাংশক দিয়া অবৈধ সুৰক্ষাৰ বাবেই আজি নাজিৰাত এই ভয়ংকৰ কৃত্রিম দুৰ্যোগ আৰু ক্ষয়-ক্ষতি হ’বলৈ পালে বুলি মন্ত্ৰব্য কৰে নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই।
