বিস্ফোৰণ১৪টাকৈ চিলিণ্ডাৰৰ,জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান
ৰাইজৰ বাৰ্তা, বোকাখাত, ৩১ আগষ্ট:
বোকাখাতত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। বোকাখাত চাৰিআলি ষ্ট’ৰত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱাৰ লগতে বিস্ফোৰণ ঘটে ১৪টাকৈ চিলিণ্ডাৰৰ।
অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জুইৰ লেলিহান শিখাই মুহূৰ্ততে আগুৰি ধৰে দোকানসমূহ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপনৰ বাবে যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰে।
প্ৰাথমিকভাৱে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে। আনহাতে, ফটকা মজুত ৰখা এটা গুদামৰ পৰাও জুইৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
চিলিণ্ডাৰ বিস্ফোৰণৰ শব্দত অধিক আতংকিত হৈ পৰে স্থানীয় লোক। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ সম্পৰ্কে এতিয়াও সবিশেষ তথ্য পোহৰলৈ অহা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনাৰ বাবে অব্যাহত ৰাখিছে অভিযান।
