গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

প্ৰেমৰ প্ৰলোভনেৰে পশ্চিমবংগৰ পৰা নাবালিকাক পলুৱাই অনাৰ অভিযোগ

RAIJOR BARTA August 30, 2026


 

আৰক্ষীৰ জালত আনোৱাৰ হুছেইন, উদ্ধাৰ ১৬ বছৰীয়া নাবালিকা

ৰাষ্ট্ৰীয় বাৰ্তা / ৩০ আগষ্ট

 প্ৰেমৰ প্ৰলোভনেৰে পশ্চিমবংগৰ পৰা এগৰাকী ১৬ বছৰীয়া নাবালিকাক পলুৱাই অসমলৈ অনাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই আনোৱাৰ হুছেইন নামৰ এজন যুৱকক আটক কৰাৰ লগতে নাবালিকাগৰাকীকো উদ্ধাৰ কৰে।আৰক্ষীৰ সূত্ৰ অনুসৰি, নাবালিকাগৰাকীক প্ৰলোভন দেখুৱাই পশ্চিমবংগৰ পৰা লৈ অহাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি নাবালিকাগৰাকীৰ সন্ধান উলিয়াবলৈ অভিযান চলায়।অৱশেষত আৰক্ষীৰ তৎপৰতাত নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত আনোৱাৰ হুছেইনকো জালত পেলাবলৈ সক্ষম হয়। বৰ্তমান নাবালিকাগৰাকীৰ সুৰক্ষা আৰু আইনী প্ৰক্ৰিয়া সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।

Share this article

Facebook Twitter