গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

হিন্দু পৰিচয় দি নাবালিকাক অপহৰণ আৰু ধৰ্ষণৰ গোচৰ

RAIJOR BARTA August 30, 2026


 

দীন ইছলাম ওৰফে ৰাহুল দাসক যাৱজ্জীৱন কাৰাদণ্ড গোৱালপাৰা জিলা আদালতৰ


আঞ্চলিক বাৰ্তা, গোৱালপাৰা / ৩০ আগষ্ট

গোৱালপাৰা জিলা সত্ৰ আদালত তথা বিশেষ পকচো আদালতে নাবালিকাক অপহৰণ, মিছা পৰিচয় প্ৰদান আৰু ধৰ্ষণৰ গোচৰত দীন ইছলাম ওৰফে ৰাহুল দাস নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
আদালতৰ ৰায় অনুসৰি, অভিযুক্তজনে নিজকে হিন্দু পৰিচয় দি এগৰাকী নাবালিকাক প্ৰলোভিত কৰি অপহৰণ কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰি গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পকচো আদালতৰ ন্যায়াধীশ উৎপল ৰাজখোৱাই অভিযুক্তজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে।এই গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬, ৪১৯ আৰু ৩৭৬ ধাৰাৰ লগতে শিশু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন (POCSO Act)-ৰ ৪ নং ধাৰা প্ৰয়োগ কৰা হৈছিল।
উল্লেখ্য যে, গোচৰটোত নাবালিকাক মিছা পৰিচয় দি অপহৰণ আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে গোচৰটোৰ নথি-পত্ৰ, সাক্ষ্য আৰু অন্যান্য প্ৰমাণ পৰ্যালোচনা কৰাৰ পাছত অভিযুক্তক দোষী সাব্যস্ত কৰে।
আদালতৰ এই ৰায়ে নাবালিকাৰ বিৰুদ্ধে সংঘটিত যৌন অপৰাধৰ ক্ষেত্ৰত কঠোৰ আইনী ব্যৱস্থাৰ এক বাৰ্তা বহন কৰিছে।

Share this article

Facebook Twitter