গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

AIUDF ত এইবাৰ বিসম্বাদ

RAIJOR BARTA August 28, 2026

ৰাইজৰ বাৰ্তা,বিশেষ প্ৰতিবেদন, ২৮ আগষ্ট: আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF)-ৰ ভিতৰচ’ৰাত পুনৰ বিসম্বাদৰ উকমুকনি দেখা দিছে। দলৰ জ্যেষ্ঠ নেতা আমিনুল ইছলামে ৰেজাউল কৰিম সৰকাৰৰ প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দলীয় নেতৃত্বৰ সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন কৰিছে।আমিনুল ইছলামৰ দাবী, ৰেজাউল কৰিম সৰকাৰৰ জনপ্ৰিয়তা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ সমপৰ্যায়ৰ নহয়। তেওঁৰ মতে, বদৰুদ্দিন আজমল কেৱল অসমতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী পৰিচিত আৰু জনপ্ৰিয় নেতা।ইফালে, আগৰৰ ব্যৱসায়ক লৈ ৰাজ্যৰ ৰাজনীতিত চলি থকা বিতৰ্ক সন্দৰ্ভতো আমিনুল ইছলামে মন্তব্য কৰে। তেওঁৰ অভিযোগ, আগৰক কেন্দ্ৰ কৰি বিজেপিয়ে ৰাজনীতি কৰিব বিচাৰিছে। আজমলৰ আগৰৰ ব্যৱসায় অতি সামান্য বুলি দাবী কৰি তেওঁ কয় যে বিশ্বৰ ৫৩খন দেশে আগৰৰ ব্যৱসায় কৰে।আমিনুল ইছলামৰ মতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগৰক লৈ গ্ৰহণ কৰা সিদ্ধান্তই বদৰুদ্দিন আজমলক কোনো ধৰণে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে। আগৰৰ ব্যৱসায়ক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকাৰো ইংগিত দিয়ে AIUDFৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।ৰেজাউল কৰিম সৰকাৰৰ প্ৰাৰ্থিত্বক লৈ আমিনুল ইছলামৰ এই আপত্তিয়ে নিৰ্বাচনৰ পূৰ্বে AIUDFৰ ভিতৰচ’ৰাত নতুনকৈ সৃষ্টি হোৱা মতানৈক্যক পুনৰ ৰাজহুৱা কৰি তুলিছে। অৱশ্যে এই সন্দৰ্ভত দলীয় নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।

Share this article

Facebook Twitter