IIT বম্বেত অধ্যাপক সূৰ্যনাৰায়ণ ডোল্লাৰ সমৰ্থনত শিক্ষক-শিক্ষাৰ্থীৰ সমদল
ৰাইজৰ বাৰ্তা / মুম্বাই: IIT বম্বেত ছাত্ৰ সাহিল ৱাকোডেৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে অধ্যাপক সূৰ্যনাৰায়ণ ডোল্লাৰ সমৰ্থনত ওলাই আহিল প্ৰতিষ্ঠানটোৰ শিক্ষক আৰু একাংশ শিক্ষাৰ্থী। সোমবাৰে IIT বম্বেৰ ফেকাল্টি ফ’ৰামৰ উদ্যোগত অধ্যাপকগৰাকীৰ সমৰ্থনত প্ৰতিবাদী সমদল উলিওৱা হয়।
ঘটনাৰ সূত্ৰপাত হয় পৰীক্ষাৰ সময়ত দ্বিতীয় বৰ্ষৰ B.Tech ছাত্ৰ সাহিল ৱাকোডেক অসৎ উপায় অৱলম্বনৰ অভিযোগত ধৰা পৰাৰ পাছত। অধ্যাপক সূৰ্যনাৰায়ণ ডোল্লা সেই পৰীক্ষাত পৰ্যবেক্ষকৰ দায়িত্বত আছিল বুলি প্ৰকাশ পাইছে। পৰীক্ষাৰ কিছু সময়ৰ পাছতে সাহিল ৱাকোডেৰ মৃত্যু হয়। ঘটনাটোৰ তদন্ত চলি থকাৰ মাজতে ছাত্ৰ-ছাত্ৰীৰ একাংশই অধ্যাপকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ-আন্দোলনৰ মাজতে IIT বম্বে কৰ্তৃপক্ষই অধ্যাপক ডোল্লাক ডীন অৱ এডমিনিষ্ট্ৰেটিভ এফেয়াৰ্ছৰ পদৰ পৰা তৎকালীনভাৱে আঁতৰাই দিয়ে। অৱশ্যে তেওঁ এতিয়াও প্ৰতিষ্ঠানটোৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কৰ্তৃপক্ষই তদন্তৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে।
ইফালে IIT বম্বে ফেকাল্টি ফ’ৰামে অধ্যাপক ডোল্লাৰ সমৰ্থনত স্পষ্ট স্থিতি গ্ৰহণ কৰি তেওঁ প্ৰতিষ্ঠানৰ নিয়ম অনুসৰিয়েই দায়িত্ব পালন কৰিছিল বুলি দাবী কৰিছে। অধ্যাপকগৰাকীৰ সমৰ্থনত শিক্ষকসকলে সমদল উলিওৱাৰ লগতে বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।
আনহাতে, ছাত্ৰ প্ৰতিনিধিসকলেও স্পষ্ট কৰিছে যে তেওঁলোকে পৰীক্ষাত নকল বা অসৎ পদ্ধতিক সমৰ্থন নকৰে। তেওঁলোকৰ দাবী হৈছে ঘটনাটোৰ সৈতে জড়িত সমগ্ৰ প্ৰক্ৰিয়াৰ স্বচ্ছ তদন্ত আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সংস্কাৰ।
ঘটনাটোক কেন্দ্ৰ কৰি অধ্যাপক, শিক্ষাৰ্থী আৰু IIT বম্বে কৰ্তৃপক্ষৰ মাজত সৃষ্টি হোৱা মতানৈক্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। তদন্তৰ ফলাফলৰ ওপৰতেই পৰৱৰ্তী পদক্ষেপ নিৰ্ভৰ কৰিব।
