গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

‘DC, SP-এ পদত্যাগ কৰিব লাগে

RAIJOR BARTA September 22, 2026

 


নগাঁৱৰ প্ৰশাসনিক ব্যৱস্থাক লৈ ৰকিবুল হুছেইনৰ প্ৰশ্ন

 নিৰ্বাচন স্থগিত ৰাখক’ — দাবী কংগ্ৰেছ নেতাৰ

ৰাইজৰ বাৰ্তা 

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনৰ আইন-শৃংখলা আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইন। নগাঁৱৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে।

ৰকিবুল হুছেইনে অভিযোগ কৰে যে নিৰ্বাচনৰ সময়ত যদি জনসাধাৰণক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিব পৰা নাযায়, তেন্তে এনে পৰিস্থিতিত প্ৰশাসনৰ দায়িত্বশীল বিষয়াসকলৰ জবাবদিহিতা নিশ্চিত কৰিব লাগে। তেওঁৰ দাবী, ‘DC, SP সকলোৱে পদত্যাগ কৰিব লাগে।’

ইয়াৰ লগতে নগাঁও লোকসভা উপ-নিৰ্বাচন স্থগিত ৰখাৰ বাবেও নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনায় ৰকিবুল হুছেইনে। তেওঁৰ মতে, নিৰাপত্তাজনিত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে।

আনহাতে, ৰাজ্যৰ গৃহ বিভাগকো সমালোচনা কৰি ৰকিবুল হুছেইনে কয় যে জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰিলে গৃহমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰা উচিত।

উল্লেখ্য যে নগাঁও লোকসভা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে জিলাখনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। এনে সময়ত এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই প্ৰশাসন, আৰক্ষী আৰু নিৰ্বাচন আয়োগৰ ভূমিকা লৈ উত্থাপন কৰা এই দাবীয়ে ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। ৰকিবুল হুছেইনৰ বক্তব্য তেওঁৰ ৰাজনৈতিক দাবী আৰু অভিযোগ হিচাপেই প্ৰকাশ পাইছে

Share this article

Facebook Twitter