অসমলৈ আহিব ক’কৰোচ্ছ জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব
২৭ ছেপ্টেম্বৰত গুৱাহাটীত CJPৰ প্ৰথমখন স্বেচ্ছাসেৱক মিট; অংশগ্ৰহণ কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ সদস্যসকলে
ৰাইজৰ বাৰ্তা / গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ অসমলৈ আহিব ক’কৰোচ্ছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা দল। দলটোৰ অসম প্ৰদেশৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি, কাইলৈ গুৱাহাটীত উপস্থিত হ’ব CJPৰ কেন্দ্ৰীয় নেতৃত্বৰ এটি দল।
ইফালে, অহা ২৫ ছেপ্টেম্বৰত অসমলৈ আহিব CJPৰ কেন্দ্ৰীয় সদস্য আশুতোষ ৰাংকা। তেওঁৰ আগমনক কেন্দ্ৰ কৰি দলটোৰ অসম প্ৰদেশৰ বিষয়ববীয়াসকলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে।
উল্লেখ্য যে, অহা ২৭ ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ’ব CJPৰ প্ৰথমখন স্বেচ্ছাসেৱক মিট। এই অনুষ্ঠানত কেৱল অসমৰ সদস্যই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ CJPৰ সদস্যসকলেও অংশগ্ৰহণ কৰিব বুলি দলটোৰ অসম প্ৰদেশৰ বিষয়ববীয়াই জানিবলৈ দিছে।
দলটোৰ সাংগঠনিক কাম-কাজ শক্তিশালী কৰা, স্বেচ্ছাসেৱকসকলৰ মাজত সমন্বয় বৃদ্ধি কৰা আৰু আগন্তুক কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰাই এই সভাৰ মূল উদ্দেশ্য বুলি জানিব পৰা গৈছে।
CJPৰ কেন্দ্ৰীয় নেতৃত্বৰ অসম ভ্ৰমণ আৰু ২৭ ছেপ্টেম্বৰৰ স্বেচ্ছাসেৱক মিটক লৈ দলটোৰ ৰাজ্যিক নেতৃত্বই প্ৰস্তুতি আৰম্ভ কৰিছে।
