মৈৰাবাৰীৰ লুৰুৱাৰমুখত ভয়ংকৰ অগ্নিকাণ্ড, চিলিণ্ডাৰ বিস্ফোৰণত সৰ্বস্বান্ত চাৰি ভাই-ককাইৰ পৰিয়াল
ৰাইজৰ বাৰ্তা / মৈৰাবাৰী, ২৩ ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত লুৰুৱাৰমুখ গাঁৱত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত চাৰি ভাই-ককাইৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰে।
জানিব পৰা মতে, আব্দুল কাদিৰসহ চাৰি ভাই-ককাইৰ বাসগৃহত হঠাৎ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইয়ে বাসগৃহটো আগুৰি ধৰাত ঘৰৰ সকলো সামগ্ৰী, বৃহৎ পৰিমাণৰ মৰাপাট আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
অগ্নিকাণ্ডৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে তেওঁলোকৰ বহু মূল্যৱান সম্পত্তি জুইত জাহ যায়। নিজৰ সা-সম্পত্তি হেৰুৱাই পৰিয়ালকেইটা এতিয়া মুকলি আকাশৰ তলত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে।
ইফালে, অগ্নিকাণ্ডত দুজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকৰ তৎপৰতাত আহত দুয়োজনক ততাতৈয়াকৈ মৈৰাবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
খবৰ লাভ কৰাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণৰ অভিযান চলায়। দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
এই ভয়ংকৰ অগ্নিকাণ্ডত বৃহৎ পৰিমাণৰ সম্পত্তি ধ্বংস হোৱাত সমগ্ৰ লুৰুৱাৰমুখ অঞ্চলত শোকৰ ছাঁ পৰিছে। অগ্নিকাণ্ডৰ প্ৰকৃত ক্ষয়-ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত নিৰ্ধাৰণ হোৱা নাই।
