গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ

RAIJOR BARTA September 20, 2026

 


শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ

নাজিৰাৰ বিহুবৰত বিমান বৰুৱা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ ধৃত বিকি সিং

ৰাইজৰ বাৰ্তা / শিৱসাগৰ, ২০ ছেপ্টেম্বৰ: শিৱসাগৰত আৰক্ষীৰ গুলীত আহত হৈছে এজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত যুৱকজনৰ নাম বিকি সিং। নাজিৰাৰ বিহুবৰত সংঘটিত বিমান বৰুৱা হত্যাকাণ্ডৰ সৈতে বিকি সিং জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, ড্ৰাগছ সৰবৰাহৰ গোচৰত আৰক্ষীয়ে বিকি সিঙক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ আহি আছিল। শিৱসাগৰলৈ অনাৰ পথত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হয়। সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ অভিযোগ অনুসৰি, বিকি সিঙে নাজিৰাৰ বিহুবৰত বিমান বৰুৱাক হানি-খুচি হত্যাৰ ঘটনাতো জড়িত আছিল। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছিল।

এনকাউণ্টাৰৰ পাছত আহত বিকি সিঙক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আৰক্ষীৰ এই গুলীচালনাৰ ঘটনা আৰু অভিযুক্তজনৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত তদন্ত অব্যাহত আছে। ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান চলাইছে।

Share this article

Facebook Twitter