গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

ট্ৰাকৰ ভিতৰত মৃতদেহ উদ্ধাৰ

RAIJOR BARTA September 22, 2026

 


গোৱালপাৰাৰ দৰংগিৰিত ৰখাই থোৱা ট্ৰাকৰ ভিতৰত মৃতদেহ উদ্ধাৰ

দৰংগিৰি তেল ডিপোৰ সমীপত চাঞ্চল্য | মৃত লোকজন অন্ধ্ৰপ্ৰদেশৰ সুধীৰ দশৰী বুলি চিনাক্ত

ৰাইজৰ বাৰ্তা 

গোৱালপাৰাৰ দৰংগিৰিত ৰখাই থোৱা এখন ট্ৰাকৰ ভিতৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। দৰংগিৰি তেল ডিপোৰ সমীপত ৰখাই থোৱা ট্ৰাকখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ।

মৃত লোকজনক অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা সুধীৰ দশৰী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, সুধীৰ দশৰী উক্ত ট্ৰাকখনৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল।

ট্ৰাকখন ৰখাই থোৱাৰ পাছত ভিতৰত সুধীৰৰ মৃতদেহ উদ্ধাৰ হোৱাত ঘটনাস্থলীত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। সুধীৰ দশৰীৰ মৃত্যু কেনেদৰে সংঘটিত হ’ল, সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছত মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter