গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

পল্লা নৈত উদ্ধাৰ মৃদুল তালুকদাৰৰ মৃতদেহ

RAIJOR BARTA September 22, 2026

 


পৰকীয়া প্ৰেমৰ সন্দেহত যুৱকক হত্যা! পল্লা নৈত উদ্ধাৰ মৃদুল তালুকদাৰৰ মৃতদেহ

ৰাইজৰ বাৰ্তা বাক্সা: বাক্সা জিলাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। কিছুদিন ধৰি সন্ধানহীন হৈ থকা ২৯ বছৰীয়া যুৱক মৃদুল তালুকদাৰৰ মৃতদেহ পল্লা নৈৰ পৰা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, হাটখোলাৰ নিবাসী মৃদুল তালুকদাৰ সন্ধানহীন হৈ থকাৰ পিছতে পৰিয়ালৰ লোকে তেওঁৰ সন্ধান বিচাৰি আৰক্ষীৰ কাষ চাপিছিল। পৰৱৰ্তী সময়ত পল্লা নৈত মৃদুলৰ মৃতদেহ উদ্ধাৰ হয়।

ঘটনাৰ তদন্তত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, পৰকীয়া প্ৰেমৰ সন্দেহক কেন্দ্ৰ কৰি একে গাঁৱৰে মানৱ দাসে মৃদুল তালুকদাৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ তদন্তত এই তথ্য পোহৰলৈ অহাৰ পিছতে ঘটনাটোৱে নতুন মোৰ লয়।

ঘটনাৰ সৈতে জড়িত সন্দেহত মানৱ দাসক আৰক্ষীয়ে সোধা-পোছা কৰাৰ লগতে ঘটনাৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।

মৃদুলৰ মৃতদেহ উদ্ধাৰৰ পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পৰৱৰ্তী তথ্যৰ ভিত্তিত হত্যাকাণ্ডটোৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Share this article

Facebook Twitter