অসম মাৰ্কাজ মছজিদ কমিটীৰ সদস্যৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ মত-বিনিময়
ৰাইজৰ বাৰ্তা
আজি পুৱাই অসম মাৰ্কাজ মছজিদ কমিটী, ৰূপহীৰ সদস্যসকলে মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰূপহী অঞ্চলৰ বিভিন্ন উন্নয়নমূলক বিষয়ক লৈ মন্ত্ৰীগৰাকীৰ সৈতে কমিটীৰ সদস্যসকলে বিস্তৃতভাৱে মত-বিনিময় কৰে।
আলোচনাৰ সময়ত অঞ্চলটোৰ জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন সমস্যা, প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়ন তথা অন্যান্য জনকল্যাণমূলক বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰাৰ লগতে জনসাধাৰণৰ প্ৰকৃত সমস্যা আৰু প্ৰত্যাহ্বানসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে।
মন্ত্ৰীগৰাকীয়ে কয় যে, সৰ্বাংগীণ আৰু সম উন্নয়ন সুনিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি উন্নয়নৰ ধাৰা আগুৱাই নিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয় যে জনসাধাৰণৰ প্ৰকৃত সমস্যা আৰু প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি উন্নয়নৰ সুফল সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ লৈ যোৱাৰ বাবে চৰকাৰে নিৰন্তৰভাৱে কাম কৰি যাব।
সাক্ষাৎ আৰু মত-বিনিময়ৰ জৰিয়তে ৰূপহী অঞ্চলৰ বিভিন্ন উন্নয়নমূলক বিষয়ক লৈ চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিসকলৰ মাজত সমন্বয় অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।
