গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

নদীৰ সোঁতত উটি গ’ল দুই ভাতৃ

RAIJOR BARTA September 21, 2026

 


সোৱণশিৰিৰ ঘাগৰ ঘাটত অঘটন! নদীৰ সোঁতত উটি গ’ল দুই ভাতৃ

ঘাটত পিণ্ড দিবলৈ গৈ সন্ধানহীন গণেশ-ভৈৰৱ বৰুৱা | চমুৱা গাঁৱৰ দুই ভাতৃৰ সন্ধানত উদ্ধাৰ অভিযান

ৰাইজৰ বাৰ্তা 

লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ঘাটত পিণ্ড দিবলৈ যোৱাৰ সময়তে নদীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈছে দুই ভাতৃ। সন্ধানহীন ভাতৃদ্বয় হৈছে চমুৱা গাঁৱৰ নিৱাসী গণেশ বৰুৱা আৰু ভৈৰৱ বৰুৱা

জানিব পৰা মতে, ধৰ্মীয় ৰীতি-নীতি অনুসৰি পিণ্ড দিবলৈ ঘাগৰ ঘাটলৈ গৈছিল দুই ভাতৃ। পিণ্ড দিয়াৰ সময়তে হঠাৎ সোৱণশিৰিৰ সোঁতত উটি যায় দুয়োগৰাকী। ঘটনাটো পোহৰলৈ অহাৰ পাছতে ঘাটত হুৱাদুৱা লাগে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকসকল ঘাটত উপস্থিত হৈ নদীত সন্ধান চলায়। পিছত উদ্ধাৰকাৰী বাহিনীকো খবৰ দিয়া হয়। বৰ্তমানলৈকে গণেশ বৰুৱা আৰু ভৈৰৱ বৰুৱাৰ কোনো সন্ধান লাভ কৰা হোৱা নাই।

সোৱণশিৰিৰ প্ৰবল সোঁতৰ মাজত দুই ভাতৃৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি চমুৱা গাঁওসহ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুই ভাতৃৰ সন্ধান লাভৰ আশাত পৰিয়ালৰ লোকসকলে উৎকণ্ঠাৰে অপেক্ষা কৰিছে।

Share this article

Facebook Twitter