জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা
টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত দুৰ্ঘটনা, প্ৰাণ গ’ল যুৱক ৰাজ দেৰ
ৰাইজৰ বাৰ্তা
জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় জাগীৰোডৰ বাগানবস্তি গাঁৱৰ প্ৰায় ২০ বছৰীয়া যুৱক ৰাজ দে।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাত্ৰা কৰি থকাৰ সময়তে যুৱকজন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজ দেৰ মৃত্যু ঘটে।
ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ বিষয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰে। অৱশ্যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছতহে অধিক তথ্য স্পষ্ট হ’ব।
ইফালে, অকালতে যুৱক ৰাজ দেৰ মৃত্যুৰ খবৰে বাগানবস্তি গাঁৱত শোকৰ পৰিৱেশ সৃষ্টি কৰিছে। পৰিয়াল, আত্মীয়-স্বজন তথা স্থানীয় ৰাইজে যুৱকজনৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
