গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

তীব্ৰবেগী বাহনে এগৰাকী মহিলাক মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মহিলাগৰাকীৰ মৃত্যু ঘটে

RAIJOR BARTA September 19, 2026

 


মৰিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, তীব্ৰবেগী বাহনৰ খুন্দাত মহিলাৰ মৃত্যু

ৰাইজৰ বাৰ্তা 

মৰিগাঁৱত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মৰিগাঁও অভিমুখে আহি থকা এখন তীব্ৰবেগী বাহনে এগৰাকী মহিলাক মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মহিলাগৰাকীৰ মৃত্যু ঘটে।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা মহিলাগৰাকী মৰিগাঁও মালপুতাৰ উলাছি বিশ্বাস বুলি জানিব পৰা গৈছে। তীব্ৰবেগী বাহনখনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় মহিলাগৰাকীয়ে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু বাহনখনৰ চালকৰ পৰিচয় সম্পৰ্কে অধিক তথ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Share this article

Facebook Twitter