গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

ছিপাঝাৰত সংঘটিত এক শোকাৱহ ঘটনা

RAIJOR BARTA September 20, 2026


 

মাতৃক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ছিপাঝাৰত শোকাৱহ ঘটনা, চিকিৎসাধীন মাতৃ কল্পনা দেৱী

ৰাইজৰ বাৰ্তা / ছিপাঝাৰ, ২০ ছেপ্টেম্বৰ: ছিপাঝাৰত সংঘটিত এক শোকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। মাতৃক বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ নিজেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি ল’লে এজন যুৱকে। মৃত যুৱকজন ছিপাঝাৰৰ জুবিন নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দেওবাৰে পুৱাৰ ভাগত নিজ ঘৰৰ শোৱনিকোঠাত বিদ্যুৎস্পৃষ্ট হয় জুবিন নাথৰ মাতৃ কল্পনা দেৱী। মাতৃক বিদ্যুৎস্পৃষ্ট হোৱা দেখি ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায় জুবিন। কিন্তু দুৰ্ভাগ্যজনকভাৱে মাতৃক উদ্ধাৰৰ চেষ্টা চলোৱাৰ সময়তে জুবিন নিজেও বিদ্যুৎস্পৃষ্ট হয়।

ঘটনাৰ পাছতে দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জুবিন নাথক মৃত ঘোষণা কৰে। আনহাতে, তেওঁৰ মাতৃ কল্পনা দেৱী বৰ্তমান চিকিৎসাধীন হৈ আছে।

মাতৃক বচাবলৈ গৈ পুত্ৰই প্ৰাণ হেৰুৱোৱা এই হৃদয়বিদাৰক ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ সৃষ্টি কৰিছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজতো শোকৰ পৰিৱেশে বিৰাজ কৰিছে।

বিদ্যুৎ সংযোগ, ঘৰুৱা বৈদ্যুতিক সঁজুলি আৰু তাঁৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তাৰ কথাও এই ঘটনাই পুনৰ উন্মোচিত কৰিছে।

Share this article

Facebook Twitter