গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

চামগুৰিত কংগ্ৰেছসহ বিভিন্ন দলৰ পৰা বহু লোকৰ বিজেপিত যোগদান

RAIJOR BARTA September 20, 2026

 


চামগুৰিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী

কংগ্ৰেছসহ বিভিন্ন দলৰ পৰা বহু লোকৰ বিজেপিত যোগদান

ৰাইজৰ বাৰ্তা / চামগুৰি, ২০ ছেপ্টেম্বৰ: নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত চামগুৰি মণ্ডলৰ উদ্যোগত কাছখাইটী খেলপথাৰত আজি অনুষ্ঠিত হয় এক বৃহৎ যোগদান কাৰ্যসূচী। অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰে ৰাজ্যৰ মন্ত্ৰী পিযুষ হাজৰিকাই।

যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা বহু সংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিজেপিৰ দাবী অনুসৰি, দলটোৰ নীতি-আদৰ্শ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ এইসকল লোকে বিজেপিত যোগদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী পিযুষ হাজৰিকাই বিজেপিৰ প্ৰতি ৰাইজৰ এই সঁহাৰি আৰু সমৰ্থন দলটোৰ বাবে আশীৰ্বাদস্বৰূপ বুলি মন্তব্য কৰে। তেওঁ দলীয় সংগঠন শক্তিশালী কৰাৰ লগতে ৰাইজৰ সৈতে নিৰন্তৰ যোগাযোগ ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে, নগাঁও লোকসভা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰি-ধিং অঞ্চলত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে এই বৃহৎ যোগদান কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। যোৱা কেইদিনতো বিজেপিয়ে অঞ্চলটোত একাধিক সভা আৰু যোগদান কাৰ্যসূচীৰ জৰিয়তে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে।

আজিৰ অনুষ্ঠানত বিধায়কদ্বয় শ্ৰী জিতু গোস্বামী আৰু শ্ৰী মানৱ ডেকাৰ লগতে বিজেপিৰ স্থানীয় নেতা-কৰ্মীসকল উপস্থিত থাকে। বৃহৎ সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৱে চামগুৰি অঞ্চলত বিজেপিৰ সাংগঠনিক কাৰ্যকলাপৰ এক নতুন পৰ্যায়ৰ ইংগিত দিয়া বুলি দলীয় মহলে প্ৰকাশ কৰে।

Share this article

Facebook Twitter