ৰাইজৰ বাৰ্তা নাজিৰাত ড্ৰাগছ সৰবৰাহকাৰী বিকি সিং গুলীবিদ্ধ হোৱাৰ ঘটনাৰ পাছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতি। বিকি সিঙৰ বিৰুদ্ধে ক্ষোভিত একাংশ ৰাইজে তেওঁৰ বাসগৃহত অগ্নিসংযোগৰ চেষ্টা চলোৱাৰ লগতে ঘৰটোত আক্ৰমণ কৰি ক্ষতিসাধন কৰে বুলি জানিব পৰা গৈছে। পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
উল্লেখ্য যে নাজিৰাৰ বিহুবৰত বিমান বৰুৱা নামৰ এজন যুৱকক হানি-খুঁচি হত্যা কৰাৰ ঘটনাৰ সৈতে বিকি সিং জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ইতিমধ্যে তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল। দেওবাৰে বিমান বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে একাংশ লোক উত্তেজিত হৈ পৰে।
শেষকৃত্য সম্পন্ন কৰাৰ পাছতেই ক্ষোভিত লোকৰ একাংশই বিকি সিঙৰ বাসগৃহত উপস্থিত হৈ আক্ৰমণ চলায়। ঘৰটোত অগ্নিসংযোগৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ ফলত বাসগৃহটোৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
ইফালে, বিকি সিং গুলীবিদ্ধ হোৱাৰ ঘটনাক লৈও নাজিৰাত চাঞ্চল্য অব্যাহত আছে। গুলীবিদ্ধ বিকি সিঙক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বিমান বৰুৱাৰ হত্যাকাণ্ড আৰু ইয়াৰ পাছত সৃষ্টি হোৱা উত্তেজনাক কেন্দ্ৰ কৰি নাজিৰাৰ বিহুবৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
