গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

‘হিন্দু মানুহে মুছলমানক ভোট নিদিলে আমি কিয় দিম?’ বিধায়ক নুৰুল বিধায়ক

RAIJOR BARTA September 23, 2026

 


নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক নুৰুল হুদাক ৰাইজৰ প্ৰশ্ন

‘হিন্দু মানুহে মুছলমানক ভোট নিদিলে আমি কিয় দিম?’—প্ৰশ্ন ৰাইজৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি জুৰীয়াৰ তিনিচুকীয়াত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ল বিধায়ক নুৰুল হুদা। নিৰ্বাচনী সভাখনত উপস্থিত ৰাইজে ভোটদান, সাম্প্ৰদায়িক সমীকৰণ আৰু ৰাজনৈতিক নেতাৰ দলবদলক লৈ বিধায়কগৰাকীক প্ৰশ্ন কৰে।

সভাত এগৰাকী ব্যক্তিয়ে বিধায়ক নুৰুল হুদাক প্ৰশ্ন কৰে—‘হিন্দু মানুহে মুছলমানক ভোট দিব নেকি?’ লগতে ৰাইজৰ আন একাংশই প্ৰশ্ন উত্থাপন কৰে, ‘হিন্দু মানুহে ভোট নিদিলে আমি কিয় দিম?’

ইয়াৰ প্ৰত্যুত্তৰত বিধায়ক নুৰুল হুদাই কয় যে, ভোট দিয়াৰ মূল উদ্দেশ্য কেৱল ধৰ্মীয় পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। জনসাধাৰণৰ অধিকাৰ ৰক্ষা কৰা আৰু তেওঁলোকৰ কথা বিধানসভাত উত্থাপন কৰাৰ বাবে ভোট দিয়াটো প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে।

ইফালে সভাখনত আন এগৰাকী ব্যক্তিয়ে পূৰ্বতে ভোট দিয়াৰ পিছত সংশ্লিষ্ট নেতা বিজেপিলৈ কিয় গ’ল বুলি প্ৰশ্ন উত্থাপন কৰে। এই প্ৰশ্নক লৈও সভাত কিছু সময়ৰ বাবে চৰ্চাৰ সৃষ্টি হয়।

উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে জুৰীয়াৰ তিনিচুকীয়াত অনুষ্ঠিত এই সভাত ৰাইজে নিৰ্বাচনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচনী প্ৰচাৰ সভাখনত হোৱা প্ৰশ্নোত্তৰৰ দৃশ্য এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

Share this article

Facebook Twitter