গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --
-- --- ---- (বাৰ)

ৰাজ্যৰ শক্তি খণ্ডত এক বৃহৎ সংযোজনৰ সূচনা হল

RAIJOR BARTA September 20, 2026

 


চাপৰত ৩২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন

৪৮ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ’ব আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল বিদ্যুৎ প্ৰকল্প

ৰাইজৰ বাৰ্তা / চাপৰ, ২০ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ চাপৰত আজি ৰাজ্যৰ শক্তি খণ্ডত এক বৃহৎ সংযোজনৰ সূচনা হ’ল। চাপৰৰ সন্তোষপুৰ অঞ্চলত প্ৰস্তাৱিত ৩২০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আদানি পাৱাৰৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া এই বৃহৎ প্ৰকল্পটো আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা হ’ব।

প্ৰকল্পটোৰ বাবে সন্তোষপুৰৰ বিস্তৃত ভূমি ব্যৱহাৰ কৰা হ’ব। চৰকাৰী প্ৰকল্প-সম্পৰ্কীয় নথিত চাপৰ ৰাজহ চক্ৰৰ সন্তোষপুৰ, চিৰাকুটা আৰু চাৰুৱাবাখৰা অঞ্চলত প্ৰকল্পটোৰ স্থান নিৰ্ধাৰণৰ কথা উল্লেখ আছে।

প্ৰাথমিকভাৱে প্ৰকল্পটোত প্ৰায় ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা আদানি পাৱাৰে প্ৰকাশ কৰিছে। যদিও স্থানীয়ভাৱে প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ৫০ হাজাৰ কোটি টকাৰ ওচৰত বুলি উল্লেখ কৰা হৈছে, কোম্পানীটোৰ প্ৰকাশিত তথ্য অনুসৰি বিনিয়োগৰ পৰিমাণ প্ৰায় ৪৮ হাজাৰ কোটি টকা।

এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰকল্পটোৰ উৎপাদন ২০৩০ চনৰ ডিচেম্বৰৰ পৰা পৰ্যায়ক্রমে আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰকল্পটোৱে কেৱল বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাই নহয়, ইয়াৰ নিৰ্মাণ পৰ্যায়ত বৃহৎ সংখ্যক লোকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে। নিৰ্মাণকালত প্ৰায় ২০ হাজাৰৰ পৰা ২৫ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ সম্ভাৱনা আছে। প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতো প্ৰায় ৩,৫০০টা চাকৰি অব্যাহত থকাৰ কথা প্ৰকাশ কৰা হৈছে।

ইফালে, ৩২০০ মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰটোৰ পৰা বিদ্যুৎ সুৰক্ষিতভাৱে বাহিৰলৈ সৰবৰাহ কৰাৰ বাবেও ইতিমধ্যে বিদ্যুৎ পৰিবহণ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আগবঢ়িছে। অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেডে চাপৰৰ পৰা ৰঙিয়া আৰু আগিয়াৰ দিশে ৪০০ কেভি পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিবিদা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, আদানি গ্ৰুপে অসমত তাপবিদ্যুৎ প্ৰকল্পৰ লগতে পাম্পড ষ্ট’ৰেজ প্ৰকল্পতো বিনিয়োগৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৰ তথ্য অনুসৰি, এই দুটা শক্তি প্ৰকল্পত মুঠ প্ৰায় ৬৩ হাজাৰ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা আছে। ইয়াৰ ভিতৰত ৩২০০ মেগাৱাট তাপবিদ্যুৎ প্ৰকল্পৰ বাবেই প্ৰায় ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব।

চাপৰত এই বৃহৎ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপনে ধুবুৰী তথা নামনি অসমৰ উদ্যোগ, বিদ্যুৎ আৰু আন্তঃগাঁথনি খণ্ডত নতুন সম্ভাৱনাৰ সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতি আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱাৰ আশা কৰা হৈছে।

ৰাইজৰ বাৰ্তা

Share this article

Facebook Twitter