গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

নাৱৰ পৰা নমাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল বাহন;

RAIJOR BARTA September 22, 2026

 


ৰাজনগৰ ফেৰীঘাটত নৈত বাগৰিল বৈদ্যুতিক অট’

নাৱৰ পৰা নমাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল বাহন; কথমপি প্ৰাণৰক্ষা চালকৰ

ৰাইজৰ বাৰ্তা 

কাছাৰৰ কাটিগড়াত সংঘটিত হৈছে এক অঘটন। ৰাজনগৰ ফেৰীঘাটত নাৱৰ পৰা নমাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰে এখন বৈদ্যুতিক অট’।

জানিব পৰা মতে, ৰাজনগৰৰ পৰা গণিৰগ্ৰাম অভিমুখে গৈ আছিল বৈদ্যুতিক অট’খন। ৰাজনগৰ ফেৰীঘাটত নাৱেৰে পাৰ হৈ নৈৰ পাৰলৈ নমাৰ সময়তে চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত অট’খন নৈত বাগৰি পৰি সম্পূৰ্ণৰূপে পানীত ডুব যায়।

এই ঘটনাত অট’খনৰ চালক খাইৰুল ইছলাম মজুমদাৰ নৈৰ পানীত পৰে যদিও কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে তৎপৰতাৰে চালকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰায়।

ইফালে, দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে অভিযান চলাই নৈত ডুব যোৱা বৈদ্যুতিক অট’খনো উদ্ধাৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময়ৰ বাবে চাঞ্চল্যৰ সৃষ্টি হয়।

Share this article

Facebook Twitter