চামগুৰিৰ হিংসাত্মক ঘটনাক লৈ সৰৱ শিৱামণি বৰা
‘মই আজি আঙুলি টোঁৱাই কথা কৈছোঁ, সাৱধান হওক মুখ্যমন্ত্ৰী’ — কংগ্ৰেছ প্ৰাৰ্থী
ৰাইজৰ বাৰ্তা
চামগুৰিত নিৰ্বাচনী সভাৰ অস্থায়ী পেণ্ডেলত অগ্নিসংযোগৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতে সৰৱ হৈ পৰিছে নগাঁও লোকসভা উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা। ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি তীক্ষ্ণ মন্তব্য কৰে বৰাই।
শিৱামণি বৰাই কয়, “মই আজি আঙুলি টোঁৱাই কথা কৈছোঁ, সাৱধান হওক মুখ্যমন্ত্ৰী।” লগতে তেওঁ দুষ্কৃতিকাৰীৰ কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি দি কয়, “দুষ্কৃতিকাৰীৰ কাম কেতিয়াও নকৰিব।”
নিজৰ বক্তব্যত অসমীয়া ইতিহাস আৰু ঐতিহ্যৰ কথাও উল্লেখ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। তেওঁ কয়, “মই মূলা গাভৰুৰ দেশৰ মানুহ।” এই মন্তব্যৰ জৰিয়তে তেওঁ যিকোনো ধৰণৰ হিংসাত্মক বা দুষ্কৃতিকাৰী কাৰ্যৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰে।
ইফালে বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থিত্বক লৈও প্ৰশ্ন উত্থাপন কৰে শিৱামণি বৰাই। তেওঁ কয়, “ইলেকশ্যন খেলিবলৈ ভয়েই কৰে যদি প্ৰাৰ্থী কিয় দিছে বিজেপিয়ে?”
চামগুৰিৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। নিৰ্বাচনৰ পূৰ্বে এনে হিংসাত্মক ঘটনাই আইন-শৃংখলা আৰু নিৰ্বাচনী পৰিৱেশক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। ঘটনাৰ আঁৰত কোন জড়িত, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।
উল্লেখ্য, চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ বাবে নিৰ্মাণ কৰা অস্থায়ী পেণ্ডেলত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল। ঘটনাক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ-প্ৰত্যাৰোপৰ ৰাজনীতি তীব্ৰ হৈ উঠিছে।
