দমকল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ জুনিয়ৰ এছিষ্টেন্ট
ৰাইজৰ বাৰ্তা / ধিং
ধিঙত দমকল চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। দমকল চুৰিৰ অভিযোগত বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ এগৰাকী জুনিয়ৰ এছিষ্টেন্টক গ্ৰেপ্তাৰ কৰিছে ধিং আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনক জেমছ এল ছেমছন বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্ত অনুসৰি, দীৰ্ঘদিন ধৰি ধিং অঞ্চলত এটা চোৰৰ গেঙে বিভিন্ন চুৰি কাৰ্য সংঘটিত কৰি আৰক্ষী তথা স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰি আহিছিল।
দমকল চুৰিৰ ঘটনাৰ তদন্তৰ সূত্ৰে আৰক্ষীয়ে জেমছ এল ছেমছনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই চুৰি চক্ৰৰ সৈতে জড়িত আন কেইবাজনো সদস্য বৰ্তমানেও পলাতক হৈ আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত ধিং আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। লগতে গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনক অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তদন্ত আগবঢ়াৰ লগে লগে চুৰি চক্ৰটোৰ সৈতে জড়িত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

