আজি চাপৰত আদানি গ্ৰুপৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিপূজন
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিব ভূমিপূজন
ৰাইজৰ বাৰ্তা / চাপৰ, ২০ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ চাপৰত আজি অনুষ্ঠিত হ’ব আদানি গ্ৰুপৰ বৃহৎ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠান। ৰাজ্যৰ শক্তি খণ্ডত নতুন সংযোজন হিচাপে বিবেচিত এই প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্পন্ন কৰিব।
আদানী গ্ৰুপৰ তথ্য অনুসৰি চাপৰত স্থাপন হ’বলগীয়া এই গ্ৰীণফিল্ড তাপবিদ্যুৎ প্ৰকল্পটোৰ মুঠ উৎপাদন ক্ষমতা ৩,২০০ মেগাৱাট। প্ৰকল্পটোৱে ৰাজ্যৰ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ লগতে ভৱিষ্যতে শক্তি খণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভূমিকা লোৱাৰ সম্ভাৱনা আছে।
প্ৰকল্পটোক কেন্দ্ৰ কৰি ইতিমধ্যে বিদ্যুৎ সৰবৰাহৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। অসম বিদ্যুৎ গ্ৰিড কৰ্প’ৰেচন লিমিটেডে চাপৰৰ পৰা উৎপাদিত ৩,২০০ মেগাৱাট তাপবিদ্যুৎ সৰবৰাহৰ বাবে চাপৰ–ৰঙিয়া ৪০০ কেভি ট্ৰেন্সমিছন লাইন আৰু সংশ্লিষ্ট বিদ্যুৎ উপকেন্দ্ৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আগবঢ়াইছে।
ভূমিপূজন অনুষ্ঠানক কেন্দ্ৰ কৰি চাপৰ অঞ্চলত ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। বৃহৎ উদ্যোগ স্থাপনৰ ফলত অঞ্চলটোত পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি উন্নয়ন, পৰোক্ষভাৱে নিয়োগৰ সুযোগ আৰু স্থানীয় অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। অৱশ্যে প্ৰকল্পটোৰ প্ৰকৃত প্ৰভাৱ নিৰ্ভৰ কৰিব নিৰ্মাণ আৰু পৰিচালনাৰ সময়ত গ্ৰহণ কৰা পৰিৱেশ, পুনৰ্বাসন, স্থানীয় নিয়োগ আৰু অন্যান্য বিধিগত ব্যৱস্থাসমূহৰ ওপৰত।
উল্লেখ্য যে আদানি গ্ৰুপে দেশৰ বিভিন্ন প্ৰান্তত তাপবিদ্যুৎ প্ৰকল্প পৰিচালনা কৰি আহিছে আৰু বৰ্তমানো কেইবাটাও নতুন প্ৰকল্প নিৰ্মাণাধীন হৈ আছে। কোম্পানীটোৰ তথ্য অনুসৰি দেশজুৰি ইয়াৰ তাপবিদ্যুৎ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধিৰ পৰিকল্পনা আছে।
চাপৰত অনুষ্ঠিত হ’বলগীয়া আজিৰ ভূমিপূজন অনুষ্ঠানৰ জৰিয়তে প্ৰকল্পটোৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হোৱাৰ লগতে অসমত বৃহৎ শক্তি উৎপাদন আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হোৱাৰ আশা কৰা হৈছে।
