অবৈধ সুৰাৰ বিৰুদ্ধে চাপৰমুখ আৰক্ষীৰ অভিযান
ৰহাৰ কামগাঁৱত দোকানৰ পৰা কেইবা লিটাৰ বিলাতী সুৰা জব্দ
ৰাইজৰ বাৰ্তা /চাপৰমুখ, ২০ ছেপ্টেম্বৰ: অবৈধভাৱে সুৰা বিক্ৰী আৰু মজুত ৰখাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে চাপৰমুখ আৰক্ষীয়ে। ইয়াৰ অংশ হিচাপে আৰক্ষীয়ে ৰহা থানাৰ অন্তৰ্গত কামগাঁও অঞ্চলত অভিযান চলাই এখন দোকানৰ পৰা কেইবা লিটাৰ বিলাতী সুৰাৰ বটল জব্দ কৰে।
জানিব পৰা মতে, কামগাঁও নিবাসী দীপু ডেকাৰ দোকানত অবৈধভাৱে বিলাতী সুৰা মজুত কৰি বিক্ৰী কৰাৰ অভিযোগৰ ভিত্তিত চাপৰমুখ আৰক্ষীয়ে অভিযান চলায়। অভিযানকালত দোকানখনৰ পৰা বিভিন্ন ব্ৰেণ্ডৰ কেইবা লিটাৰ বিলাতী সুৰাৰ বটল উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অঞ্চলটোত অবৈধভাৱে সুৰাৰ ব্যৱসায় চলি থকাৰ বিষয়ে লাভ কৰা তথ্যৰ ভিত্তিতেই এই অভিযান চলোৱা হয়। জব্দ কৰা সুৰাখিনি আৰক্ষীয়ে নিজৰ জিম্মাত লৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
ইফালে, অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত অবৈধ সুৰাৰ বেহা নিয়ন্ত্ৰণ কৰাৰ লগতে এনে কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে আৰক্ষীয়ে।
ঘটনাটোক কেন্দ্ৰ কৰি কামগাঁও অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে অবৈধ সুৰা ব্যৱসায়ৰ সৈতে জড়িত আন কোনো লোকৰ নাম
