গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --
-- --- ---- (বাৰ)

ভুল চিকিৎসাৰ ফলত মহিলাৰ মৃত্যু

RAIJOR BARTA September 20, 2026

 


উলুবাৰীৰ ইন্দিৰা IVF চেণ্টাৰত তীব্ৰ উত্তেজনা

ভুল চিকিৎসাৰ ফলত মহিলাৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ

ৰাইজৰ বাৰ্তা / গুৱাহাটী 

গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত ইন্দিৰা IVF চেণ্টাৰত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি তথা ভুল চিকিৎসাৰ ফলতে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

মৃত মহিলাগৰাকী চাবুৱা ৰহমৰীয়াৰ লিজা ফুকন বুলি জানিব পৰা গৈছে। পৰিয়ালৰ তথ্য অনুসৰি, বিগত প্ৰায় এমাহ ধৰি ইন্দিৰা IVF চেণ্টাৰটোত চিকিৎসাধীন হৈ আছিল লিজা ফুকন। চিকিৎসাধীন অৱস্থাত ১৯ ছেপ্টেম্বৰৰ নিশা ঔষধ সেৱন কৰাৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে মহিলাগৰাকী।

ইয়াৰ পাছতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু অৱশেষত মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

ইফালে, চিকিৎসক দিব্যজ্যোতি গোস্বামীৰ বিৰুদ্ধেও চিকিৎসাত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালে। অৱশ্যে চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা আৰু মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ঘটনাটোক লৈ পৰিয়ালৰ লোকে উচিত তদন্তৰ দাবী জনাইছে। চিকিৎসাধীন অৱস্থাত প্ৰকৃততে কি হৈছিল, ঔষধ সেৱনৰ পাছত কিয় হঠাৎ অসুস্থ হৈ পৰিছিল আৰু চিকিৎসাত কোনো ধৰণৰ গাফিলতি হৈছিল নেকি—এই সকলো বিষয় এতিয়া তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে।

মহিলাগৰাকীৰ মৃত্যুৰ ঘটনাই স্বাস্থ্যখণ্ডত চিকিৎসা সেৱাৰ মান আৰু ৰোগীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ তদন্ত আৰু চেণ্টাৰটোৰ পৰা পোৱা ব্যাখ্যাৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ছবি স্পষ্ট হ’ব।

Share this article

Facebook Twitter