গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুনৰ অঘটন
MICU-2ত বিস্ফোৰিত মনিটৰ, আতংকিত ৰোগী-স্বজন; ততালিকে অন্য কক্ষলৈ স্থানান্তৰ
ৰাইজৰ বাৰ্তা বিশেষ প্ৰতিবেদন,গুৱাহাটী, ২০ ছেপ্টেম্বৰ: গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুনৰ সংঘটিত হৈছে এক অঘটন। হাস্পতালখনৰ MICU-2ত ৰোগী থকা কক্ষতে এটা মনিটৰ বিস্ফোৰিত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতিৰ। আকস্মিকভাৱে মনিটৰটো বিস্ফোৰিত হোৱাৰ ঘটনাত কক্ষটোত থকা ৰোগী আৰু স্বজনসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
ঘটনাৰ পাছতেই হাস্পতাল কৰ্তৃপক্ষই তৎপৰতা অৱলম্বন কৰি MICU-2ত চিকিৎসাধীন ৰোগীসকলক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ততালিকে অন্য কক্ষলৈ স্থানান্তৰ কৰে। ঘটনাটোত কোনো ৰোগী ক্ষতিগ্ৰস্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
হাস্পতালখনৰ অধীক্ষকে প্ৰকাশ কৰা মতে, বিস্ফোৰণৰ ফলত কোনো ৰোগীৰ ক্ষতি হোৱা নাই আৰু সকলো ৰোগী সম্পূৰ্ণৰূপে সুৰক্ষিত। ঘটনাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে।
উল্লেখ্য যে, গুৱাহাটী মেডিকেল কলেজ হাস্পতাল ৰাজ্যখনৰ অন্যতম বৃহৎ চিকিৎসা প্ৰতিষ্ঠান। প্ৰতিদিনে বৃহৎ সংখ্যক ৰোগী চিকিৎসাৰ বাবে হাস্পতালখনলৈ আহে। এনে পৰিস্থিতিত ৰোগী থকা চিকিৎসা কক্ষত চিকিৎসা-সঁজুলি বিস্ফোৰিত হোৱা ঘটনাই হাস্পতালখনৰ সুৰক্ষা ব্যৱস্থা আৰু চিকিৎসা-সঁজুলিৰ নিয়মীয়া পৰীক্ষা-নিৰীক্ষাক লৈ স্বাভাৱিকতে প্ৰশ্নৰ অৱকাশ সৃষ্টি কৰিছে।
ইফালে, মনিটৰটো কিয় বিস্ফোৰিত হ’ল, যন্ত্ৰটোত কোনো কাৰিকৰী বিজুতি আছিল নেকি অথবা বৈদ্যুতিক সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হ’ল নেকি, সেই বিষয়ে এই পৰ্যন্ত বিস্তৃত তথ্য পোহৰলৈ অহা নাই। ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা-নিৰীক্ষা চলোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে, সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ৰোগীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ পাছত হাস্পতালৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰে।
ৰাইজৰ বাৰ্তা
