গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

মৈৰাবাৰীত বুজন পৰিমাণৰ চুলাই মদ ধ্বংস

RAIJOR BARTA September 23, 2026

 


মৈৰাবাৰীত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, বুজন পৰিমাণৰ চুলাই মদ ধ্বংস

ৰাইজৰ বাৰ্তা 

মৈৰাবাৰীত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ ধ্বংস কৰে। বুধবাৰে সন্ধিয়া মৈৰাবাৰী আৰক্ষী থানাৰ এদল আৰক্ষীয়ে থানা সংলগ্ন অঞ্চলত এই অভিযান চলায়।

জানিব পৰা মতে, মৈৰাবাৰী আৰক্ষী থানাৰ সমীপত ৰয়েল এনফিল্ড ডীলাৰৰ সন্মুখত দীৰ্ঘদিন ধৰি অবৈধভাৱে চুলাই মদৰ ঘাটি চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই উক্ত স্থানৰ পৰা বুজন পৰিমাণৰ চুলাই মদ উদ্ধাৰ কৰে।

অভিযানৰ সময়তে আৰক্ষীয়ে উদ্ধাৰ হোৱা চুলাই মদখিনি ঘটনাস্থলীতে ধ্বংস কৰি দিয়ে। আৰক্ষীৰ এই অভিযানৰ পাছতে অঞ্চলটোত অবৈধভাৱে চুলাই মদৰ ব্যৱসায় চলাই থকা লোকসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়।

অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অধিক তীব্ৰতৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Share this article

Facebook Twitter