গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

গুড বাই বিজেপি সীমান্ত শেখৰৰ

RAIJOR BARTA September 22, 2026

 


বিজেপি দল ত্যাগ সীমান্ত শেখৰৰ, একেলগে এৰিলে কেইবাটাও দায়িত্ব

ৰাইজৰ বাৰ্তা গুৱাহাটীঃ 

বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী তথা দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সীমান্ত শেখৰে। তেওঁ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পদৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদ আৰু বিজেপিৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰিছে।

জানিব পৰা মতে, সীমান্ত শেখৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগ পত্ৰত তেওঁ গভীৰ ব্যক্তিগত কাৰণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।

একেদৰে, আগন্তুক সময়ত কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নোহোৱাৰ কথাও স্পষ্ট কৰিছে সীমান্ত শেখৰে। তেওঁৰ পদত্যাগৰ আঁৰত কোনো ৰাজনৈতিক মতাদৰ্শ, দলীয় নীতি অথবা কোনো ব্যক্তিৰ প্ৰতি অসন্তুষ্টি নাই বুলিও তেওঁ উল্লেখ কৰিছে।

উল্লেখযোগ্য যে, সীমান্ত শেখৰক ২০২১ চনত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। শেহতীয়াকৈ ২০ ছেপ্টেম্বৰত জুবিন গাৰ্গক লৈ বিজেপিৰ বিধায়ক বিজয় কুমাৰ গুপ্তাৰ মন্তব্যৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল সীমান্ত শেখৰে।

সীমান্ত শেখৰৰ এই পদত্যাগে ৰাজ্যৰ ৰাজনৈতিক তথা সাংস্কৃতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

Share this article

Facebook Twitter