নগাঁও জিলা আয়ুক্তৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি ধন দাবী
ৰাইজৰ বাৰ্তা
নগাঁও জিলা আয়ুক্ত তথা IAS বিষয়া আৰণ্যক শইকীয়াৰ নাম ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন লোকৰ পৰা ধন বিচৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে চাঞ্চল্য।
অভিযোগ অনুসৰি, জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ নাম আৰু পৰিচয় ব্যৱহাৰ কৰি এটা ভুৱা ফেচবুক একাউণ্ট খোলা হৈছে। উক্ত একাউণ্টৰ জৰিয়তে একাংশ লোকক ফেচবুক মেছেঞ্জাৰত যোগাযোগ কৰি বিভিন্ন অজুহাতত ধন বিচৰা হৈছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে পিয়াৰ আলী নামৰ এজন লোকে বিষয়টো জিলা আয়ুক্তৰ দৃষ্টিগোচৰ কৰি অভিযোগ দাখিল কৰিছে। অভিযোগ লাভ কৰাৰ পিছতে ঘটনাটো গুৰুত্বসহকাৰে লোৱা হৈছে।
জিলা আয়ুক্তৰ দৰে এগৰাকী উচ্চপদস্থ বিষয়াৰ নাম ব্যৱহাৰ কৰি এইদৰে ভুৱা একাউণ্ট খুলি ধন দাবী কৰাৰ ঘটনাই চাইবাৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ভুৱা একাউণ্টটোৰ আঁৰত কোন বা কোনসকল লোক জড়িত, সেই সন্দৰ্ভত তদন্তৰ জৰিয়তে তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
ইফালে, জিলা আয়ুক্তৰ নামত কোনো সন্দেহজনক ফেচবুক একাউণ্টৰ পৰা ধন বিচৰা মেছেজ লাভ কৰিলে তেনে অনুৰোধত সঁহাৰি নিদিবলৈ আৰু কোনো ধৰণৰ ধন প্ৰেৰণ নকৰিবলৈ সতৰ্ক কৰা হৈছে।
