গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

ভয়ংকৰ পথ দুৰ্ঘটনা

RAIJOR BARTA September 24, 2026

 



পুৰণিগুদামৰ কেঞাপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনত অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৩জনৰ মৃত্যু

ৰাইজৰ বাৰ্তা

নগাঁও জিলাৰ পুৰণিগুদামৰ কেঞাপট্টিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দিয়াই বাগৰি পৰাৰ পিছতে বাহনখনত অগ্নিকাণ্ড সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত বাহনখনৰ ভিতৰতে অগ্নিদগ্ধ হৈ তিনিজন লোকৰ কৰুণ মৃত্যু ঘটে। আনহাতে, ঘটনাটোত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে আহত দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

গুৰুতৰভাৱে আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰাথমিকভাৱে তীব্ৰবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ আৰু নিহত তথা আহত লোকসকলৰ পৰিচয় সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Share this article

Facebook Twitter