গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

চৰাইদেউ আৰক্ষীৰ অভিযানত আটক শ্যামল দানহ নামৰ যুৱক

RAIJOR BARTA September 23, 2026

 


নাগালেণ্ডৰ মন জিলাৰ পৰা আটক আলফা (স্বা)-ত যোগদান কৰিবলৈ যোৱা যুৱক

ৰাইজৰ বাৰ্তা 

চৰাইদেউ আৰক্ষীয়ে এক অভিযান চলাই নাগালেণ্ডৰ মন জিলাৰ পৰা আলফা (স্বা)-ত যোগদান কৰিবলৈ যোৱা বুলি সন্দেহ কৰা এজন যুৱকক আটক কৰিছে। আটকাধীন যুৱকজনৰ নাম শ্যামল দানহ বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নাগালেণ্ডৰ মন জিলাৰ পৰা যুৱকজনক আটক কৰা হয়। আৰক্ষীৰ সন্দেহ, আলফা (স্বা)-ত যোগদানৰ উদ্দেশ্যে যুৱকজনে নাগালেণ্ড অভিমুখে যাত্ৰা কৰিছিল। অৱশ্যে তেওঁৰ আলফা (স্বা)-ৰ সৈতে কোনো প্ৰত্যক্ষ যোগাযোগ আছিল নেকি, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, আটকাধীন শ্যামল দানহৰ স্থায়ী বাসগৃহ ডিব্ৰুগড় জিলাৰ মাহমৰা আৰক্ষী অঞ্চলৰ আলিকিনাৰত বুলি জানিব পৰা গৈছে। বৰ্তমান যুৱকজনক সোধা-পোছা কৰি তেওঁৰ যাত্ৰাৰ উদ্দেশ্য আৰু এই ঘটনাৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

ঘটনাটোক কেন্দ্ৰ কৰি চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ আৰক্ষী মহলত তৎপৰতা বৃদ্ধি পাইছে। আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Share this article

Facebook Twitter