এবছৰ ধৰি ঘৰৰ ভিতৰত আবদ্ধ! বঙাইগাঁৱত বোৱাৰীক নিৰ্যাতনৰ অভিযোগ
‘পাৰ্লাৰলৈ যাব পৰা নাই, মন্দিৰতো পূজা কৰিব পৰা নাই’—স্বামী আৰু ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মহিলাৰ
ৰাইজৰ বাৰ্তা / বঙাইগাঁও: বঙাইগাঁৱত পোহৰলৈ আহিছে এগৰাকী বোৱাৰীক দীৰ্ঘদিন ধৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰখা হৈছিল। আনকি পাৰ্লাৰলৈ যোৱা, মন্দিৰলৈ গৈ পূজা কৰা আদিতো বাধা প্ৰদান কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।
মহিলাগৰাকীৰ দাবী অনুসৰি, তেওঁৰ স্বামী আৰু ভাতৃয়ে তেওঁৰ চৰিত্ৰক লৈ সন্দেহ প্ৰকাশ কৰি আহিছিল। বেলেগ পুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰি বিগত প্ৰায় এবছৰ ধৰি মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে তেওঁ।
‘এবছৰ ধৰি মোক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল’, ‘মই পাৰ্লাৰলৈ যাব পৰা নাই’, ‘মন্দিৰতো পূজা কৰিব পৰা নাই’—বুলি মহিলাগৰাকীয়ে নিজৰ বিড়ম্বনাৰ কথা প্ৰকাশ কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীয়ে স্বামী আৰু ভাতৃৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ ভিত্তিত বিষয়টো সন্দৰ্ভত তদন্তৰ দাবী উত্থাপিত হৈছে। অৱশ্যে অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।
মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাটো নিৰপেক্ষভাৱে তদন্ত কৰি দোষী সাব্যস্ত হোৱা ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া এতিয়া লক্ষণীয়।
