গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

য়াবা টেবলেটসহ বদৰপুৰত ২ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

RAIJOR BARTA September 21, 2026

 


৫ কোটি টকাৰ য়াবা টেবলেটসহ বদৰপুৰত ২ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

৩০ হাজাৰ নিচাযুক্ত য়াবা টেবলেট জব্দ, ধৃত দিলোৱাৰ হুছেইন আৰু আব্দুল ছাহিদক জেৰা অব্যাহত

ৰাইজৰ বাৰ্তা 

বদৰপুৰত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। অভিযানত প্ৰায় ৩০ হাজাৰ য়াবা টেবলেটসহ দুজন সন্দেহযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বদৰপুৰ আৰক্ষীয়ে।

আৰক্ষীৰ জালত পৰা লোক দুজনক দিলোৱাৰ হুছেইন আৰু আব্দুল ছাহিদ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, ধৃত দুয়োৰে পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰা হয়। জব্দকৃত টেবলেটখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ৫ কোটি টকা বুলি জানিব পৰা গৈছে।

বদৰপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিচাযুক্ত টেবলেটখিনি জব্দ কৰাৰ লগতে দুয়োজনকে আটক কৰিবলৈ সক্ষম হয়। এই বৃহৎ পৰিমাণৰ য়াবা টেবলেট ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে ধৃত দিলোৱাৰ হুছেইন আৰু আব্দুল ছাহিদক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সৰবৰাহ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, লগতে এই নিচাযুক্ত সামগ্ৰীৰ মূল উৎস আৰু গন্তব্যস্থান সম্পৰ্কেও তথ্য উদঘাটনৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

উল্লেখ্য যে, ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে বদৰপুৰত কোটি টকাৰ মূল্যৰ য়াবা টেবলেট জব্দৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Share this article

Facebook Twitter