গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

সুজাতা ৰজকৰ মৃতদেহ উদ্ধাৰ AMCHত

RAIJOR BARTA September 22, 2026

 


ডিব্ৰুগড়ত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, চাঞ্চল্য

বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল সুজাতা ৰজক, AMCHত উদ্ধাৰ মৃতদেহ

ৰাইজৰ বাৰ্তা 

ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সুজাতা ৰজক নামৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। সোমবাৰে বন্ধু-বান্ধৱীৰ সৈতে বাইকত ফুৰিবলৈ ওলাই যোৱাৰ পিছত পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীৰ মৃতদেহ অসম মেডিকেল কলেজ হাস্পতাল (AMCH)ত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, সোমবাৰে বন্ধু-বান্ধৱীৰ সৈতে বাইকত ফুৰিবলৈ ওলাই গৈছিল সুজাতা। কিন্তু কিছু সময়ৰ পিছতে তেওঁক AMCHলৈ লৈ যোৱা হয় আৰু তাতেই চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনাক লৈ সুজাতাৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে শোকৰ ছাঁ।

ইফালে, সুজাতাৰ সৈতে থকা দুই বন্ধু-বান্ধৱীয়ে দুৰ্ঘটনাত ছাত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰকৃততে কেনেকৈ আৰু ক'ত দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ কি, সুজাতাক কিয় আৰু কেনেকৈ AMCHলৈ অনা হৈছিল—এই সকলো দিশ এতিয়া তদন্তৰ আওতালৈ আহিছে। ঘটনাটোৰ সৈতে কোনো অন্য কাৰণ জড়িত আছে নেকি, সেই বিষয়েও তদন্তৰ জৰিয়তে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

ঘটনাটোৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পিছতহে ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব।

Share this article

Facebook Twitter